পাঠ
টোৰ গুৰুত্বপূৰ্ণ সংজ্ঞা বোৰ :-
মানৱ
চকু :
ক) চকু হৈছে এক প্ৰাকৃতিক পোহৰ সংবেদী ইন্দ্ৰিয়
, যিয়ে আমাৰ চৌপাশৰ জগতখন প্ৰতক্ষ্য কৰোৱায়
। ইয়াৰ অক্ষিপত নামৰ পোহৰ সংবেদী পৰ্দাত কোনো বস্তুৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয়
।
খ) অক্ষিপতত থকা অসংখ্য পোহৰ সংবেদী কোষত পোহৰ পৰিলে , কোষবোৰ সক্ৰিয় হৈ উঠে আৰু
বৈদ্যুতিক সংকেত উৎপন্ন কৰে । এই সংকেত নেত্ৰস্নায়ুৰ দ্বাৰা মগজুলৈ প্ৰেৰণ হয় আৰু মগজুৱে
সংকেতৰ তাৎপৰ্যোদ্ধাৰ কৰি তথ্য বিশ্লেষণৰ দ্বাৰা দৃষ্টিৰ অনুভূতি জগায় ।
No comments:
Post a Comment